Saturday 14 February 2015

---ভালপোৱা ---

তাই অহা বাটেৰে 
জুমি চাই
এবুকু আশাই ..
তাইৰ বাউলী চুলিত
বাহ লই
সুখৰ তৰাই ..
জিলমিল দুচকুত
জ্বলি ৰয় মৰমৰ
হেজাৰ শলিতা ....
ভালপোৱা ..
বুকুত আজি মাথোন
এবুকু ভালপোৱা ..
তাৰ উদং বুকুত
বাহ লয়
এটা ঠিকনাই ..
জোনাকে জুনুকা পিন্ধে
সাৰ পাই
জোনাকী পৰুৱাই ..
তাৰ দুচকুত
আজি স্নিগ্ধ পূৰ্ণিমা ..
ভালপোৱা ..
বুকুত মাথো
এবুকু ভালপোৱা ..
বহল আকাশখনত
বিয়পি পৰে
অযুত তৰা ..
চিনাকী পৃথিৱীখন
আজি কিয়
ইমান ধুনীয়া !!
ভালপোৱা ..
বুকুত মাথোন
এবুকু ভালপোৱা ..

--- বিনিময় ---

তেওঁ সুধিলে 
কিহত ব্যস্ত আপুনি ?
মই ক'লো 
দুঃখ বোটলো আজিকালি ..
তেওঁ ক'লে
ধেমালী ন'কৰিব ।
মই ক'লো
জীৱন জানো ধেমালী !
তেওঁ ক'লে
আপুনি তাৰমানে সুখী ?
মই ক'লো
আমনি ন'কৰিব...
তেওঁ ক'লে
দুঃখ বিলাসী আপুনি
মই ক'লো
আপোনাক কিয় ক'ম ?
তেওঁ ক'লে
নথকাটো যে বিচাৰি ফুৰে মানুহে
মই ক'লো
বিচাৰিলেই জানো
পোৱা যায় সকলো..
তেওঁ সুধিলে
পোৱাবোৰ বাৰে বাৰে
কিয় হেৰুৱাই আপুনি ?
মই ক'লো
নোপোৱাবোৰে মোক যে
জগাই ওৰে ৰাতি ...
তেওঁ হাঁহিলে..
মই সুধিলো
কি বিচাৰে আপুনি ?
তেওঁ ক'লে
এখামোচ সুখ বিচাৰো
এবুকু দুঃখৰ সলনি ...

...অতীত ...

তই ঘূৰি আহিলে 
আকৌ ঘূৰি আহিব
স্মৃতিৰ সেই
সেমেকা সুহুৰি...
ভগাই ল'ম ভাগৰ ,
মৰমৰ এখন বাগিচা
জোনাকেৰে সজাম ..
সুখৰ এবুকু পখিলা
তাতে সিচি যাম ..
লাগিব জানো ?
লাগিব জানো
তোৰ ভাগৰ !!
আকৌ এবাৰ আমি
অঘৰী হ'ম ..
এবাতি আন্ধাৰ
তোৰে স'তে
ভগাই ল'ম ..
কুৱলীৰ এই চাদৰখনত
আকাশৰ তৰাবোৰ
ওলোমাই চাম
ৰিঙা ৰিঙা বাটতোক
আকৌ শুনাই যাম
এটা দুটাকৈ
অলেখ খবৰ ..
আমাৰ খবৰ..
অতীত ...
তোৰ বুকুত
আজিও আছেনে
এৰি অহা দিনবোৰৰ
সঠিক হিচাপ ..
মই আজিকালি
পাহৰো কথাবোৰ
ভাগৰ লাগে জান'..
মন যায়
তোৰ কোলাত
শুই শুই
পাহৰি যাওঁ সকলো ..
হঠাৎ সুখী হৈ পৰো
এনেকৈয়ে ..
লুকাই থাকো তোৰ বুকুত
নোপোৱাৰ হুমুনিয়াহ পাহৰি ...
আহিবি এদিন
তই ঘূৰি আহিলে
আকৌ ঘূৰি আহিব
স্মৃতিৰ সেই
সেমেকা সুহুৰি...
ভগাই ল'ম ভাগৰ ,
মৰমৰ এখন বাগিচা
জোনাকেৰে সজাম ..
সুখৰ এবুকু পখিলা
তাতে সিচি যাম ..
লাগিব জানো ?
লাগিব জানো
আমাৰ ভাগৰ !!

----দেৱতা---

আশাৰ ওলোমা দলঙখনত 
শুই থাকে সকলো
জীৱনে কাৰোবাক 
চুই যায় ...
কাৰোবাক জোকাই যায় ..
এনেকৈয়ে ভাল
লাগে আমাৰ..
আমি যে মানুহ !
দেৱতাৰ দৰে
আমি মৃত্যুৰ অভাৱত
চটফটাই নাথাকো ..
আমাৰ বাবে
জীৱন মাথো
এটা নতুন দিন,
সূৰুজৰ সাতোটা ৰঙেৰে
ৰঙীণ হোৱাৰ কিছু
অবান্তৰ আশা ..
আৰু মৃত্যু ?
মৃত্যু তাতকৈও সহজ !!
আমি যে মানুহ !
আমি দেৱতা
নহয় দেৱালৰ ..
পূজাৰ অৰ্ঘ্য
আমাৰ কাম্য নহয়
এমুঠি আশাত
বন্দী হৈ
পাৰ কৰো
প্রতিটো প্রহৰ
অলপ আন্ধাৰ
অলপ পোহৰ...
আমি যে মানুহ !
আমি দেৱতা
নহয় দেৱালৰ ..

নতুন সময়..

লাহে ,লাহে
মনে ,মনে
নিশ্চুপে নিতালে আহি
নতুন সময় আজি
পদুলিত ৰয়..
স্মৃতিৰ জোলোঙা ভৰাই
অতীতে বিদাই মাগে
আজি যে নতুন সাজ
পিন্ধাৰ সময়..
ধূসৰিত অতীতৰ
বুকুত সোঁৱৰণি হৈ
কিমান আপোনে আজি
মিছিকিয়াই কয় ..
মানুহৰ সুখবোৰ
বেদনাৰ নিশা ঘোৰ
জোকাব অতীতে তোক
নতুন সাজত ..
তই যে নতুন আজি
নতুন সময় !!
আশাৰ হেঙুল সানি
নতুন সুৰুযে আজি
কুৱলিৰ ওৰণি ফালি
তোক জুমি চাই ..
তই অহা বাটেৰে
শান্তিৰ নিজৰা বওক
সুখবোৰে জিৰণি লওঁক
বুকুত সদাই ...

উদাসীন হেনো মই !!

খিৰিকীৰ সিপাৰে 
এখন আকাশ
আঁকো মই.. 
বেলিটোৰ আবেশত
ৰঙা চিঙা পৰে
শুকুলা ডাৱৰ ..
এজাক চৰাই সেইফালেই
ঘৰমুৱা হয় ..
কিমান নিৰৱ,
কিমান নিঃকিন
এই চহৰ..
তুমি কোৱা ..
উদাসীন হেনো মই!!
শুই থকা শেৱালীয়ে
সাধুকথা কয়
জুনুকা পিন্ধা সন্ধিয়াৰ,
জোনাক নিশা
তৰা ফুলাৰ..
কোনে শুনে?
কাৰ আছে
ইমান সময় !!
জটিল জীৱন
চহৰৰ শীতত
নেনামে জীৱন..
তুমি কোৱা ..
উদাসীন হেনো মই!!
খিৰিকীৰ সিপাৰে
এখন আকাশ
আঁকো মই..
তুমি কোৱা ..
উদাসীন হেনো মই!!

মাঘ

মাঘৰ মেজিৰ অঙঠা
মৰম হৈ জ্বলে ..
আমাৰ বুকুতো জানা
আবেগৰ একুৰা জুই
ওৰেনিশা জ্বলে .. 
তুমি বুজা নে?
তুমি বুজিও নুবুজা!!
হেপাহৰ এটা মেজি
আমাৰ বুকুতো আছে ..
মাঘৰ মেজিৰ জুইকুৰা
আমাৰ বুকুতে জ্বলে ..
তুমি বুজা নে?
তুমি বুজিও নুবুজা!

~~~~অপেক্ষা~~~


অন্তহীন অপেক্ষাত
পাৰ হয় সময় ..
সাজ সলাই ভাগৰে
সন্ধ্যাচলৰ সুৰুজ..
এখন মুকলি
আকাশৰ কল্পনাত
টোপনিয়াই বহি
থাকে বেলিতো ..
এটা সন্ধ্যাই
বাগৰ সলাই
আমন জিমনকৈ..
ধুৱলী কুৱলী হৈ পৰে
অজলা গাওঁবোৰ ...
সেমেকা ঘৰবোৰে
এতিয়াও বাট চাই
কিছুমান মানুহ যে
উভতি নাহে কেতিয়াও!!
অপেক্ষা মাথো অপেক্ষা..
অপেক্ষা এতিয়া মাথোন
এটা শব্দ নহয়..
চকুত বাহৰ পতা
এবাহ দুঃখ ...
উদং উশাহৰ সাক্ষী হোৱা
অলেখ প্রহৰ ..
অপেক্ষা এতিয়া মাথোন
অপেক্ষা..