Thursday 5 June 2014

-----নামাতিবা মোক ,টোপনি যাওঁ ..

হেপাহৰ এখন পৃথিবী
আন্ধাৰে আৱৰা
এটা পাহাৰ..
উমলি থাকে তাতে
মুঠিয়ে মুঠিয়ে জোনাক..
বতাহত এতিয়া মাথোন
ভাগৰুৱা ফুলৰ সুবাস
নামাতিবা মোক
টোপনি যাওঁ ..

ভাল পাওঁ এই
নিৰৱ নিশাটো
নিৰৱতাত বুৰ গৈ
শুই আছে চহৰখন..
খুটাটোত আউজি
টোপনিয়াই আছে
ভাগৰুৱা জোনবাইটোৱেও ..
ধূসৰ পথবোৰোত
এতিয়া নিমাত জীৱন..
দূৰলৈকে মাথো
আন্ধাৰ আৰু
পোহৰৰ ধেমালী ..
সিহঁতেও ভাল পাই
কিজানি এই সময়
মোৰ দৰেই ..
নামাতিবা মোক
টোপনি যাওঁ ..

মাথো কেইটামান প্রহৰ
নাই চিন্তা
নাই বেজাৰ
নাই বোজা জীৱনৰ ..
আমন জিমনকৈ
সৌৱা অকলে
ৰৈ আছে
অস্পষ্ট সপোনৰ সমদল ..
নামাতিবা মোক
টোপনি যাওঁ ..
সন্মুখত এতিয়াও
হেপাহৰ এখন পৃথিবী
আন্ধাৰে আৱৰা
এটা পাহাৰ..
নামাতিবা মোক..

ঈশ্বৰ ক'ত ?

তেওঁ সুধিলে
ঈশ্বৰ ক'ত ?
মই ক'লো
মোৰ জেপত..

দুখীয়াক জানো
চিনি পাই ঈশ্বৰে!
ঈশ্বৰ এতিয়া
সোণৰ প্রতিমা হৈ
বহি থাকে
কুবেৰৰ ঘৰত..

বোকা মাটিত বহি
ৰৈ থাকে
অজলা মানুহবোৰ..
সিহঁতে বুজি নাপায়
আজিৰ ঈশ্বৰে
ভাল নাপায়
বুকুৰ আন্ধাৰ
আৰু অভাবৰ বিননি..

মহানগৰীৰ ৰঙীন হোটেলত
ঈশ্বৰে ভাত খায়...
বিলাসী গাড়ীত উঠি
পাহৰি পেলাই
চেচা হুমুনিয়াহ ..
ক'লা চিচাৰ
আৰত লুকাই
হেৰাই থাকে
সুখ নিদ্রাত ..
দুখীয়াক জানো
চিনি পাই ঈশ্বৰে!

তেওঁ সুধিলে
ঈশ্বৰ ক'ত ?
মই ক'লো
মোৰ জেপত..

দূৰৰ তৰাবোৰ দূৰতে থাকক ..

দূৰৰ তৰাবোৰ
দূৰতে থাকক ..
আজি আকাশৰ শূণ্যতাত
বিলীন হৈ পৰক
অপেক্ষাৰ এমুঠি
কলীয়া ডাৱৰ ..

ইমান জোনাক
ইমান পোহৰ..
ৰৈ থাকো আজিও
ৰৈ নাথাকে
মাথোন অবাধ্য সময় ...

অভজা হিয়াৰ কোলাহলত
সাৰ পাওঁ
মাজ নিশা ,
জুমি চাও
পোহৰ আছেনে বাহিৰত!

আভাবোৰ শিতানত থৈ
জোনটো টোপনি যায়
অলস তৰাবোৰ
ওপঙি থাকে
আন্ধাৰ আকাশত..

ভাগৰুৱা তেতিয়া সকলো
ভাগৰুৱা নহয় মাথোন
এখন হৃদয় ...

---পাগল---

তাই হাঁহিছিল...
তাৰ নিৰস পৃথিৱীখনত
তাই জোনাক সিচিছিল..

তাই হাঁহিছিল...
তাৰ নিৰৱ সপোনবোৰে
প্রাণ পাই উঠিছিল..

তাই হাঁহিছিল..
সি জীৱনক বিচাৰি
হাবাথুৰি খাইছিল ..

তাই হাঁহিছিল..
সি দুঃখবোৰক
দুহাতেৰে ঢাকিছিল ..

তাই হাঁহিছিল..
তাৰ দুচকুত
তেতিয়াহে সুৰুজ নামিছিল ..

তাই হাঁহিছিল..
তাৰ উশাহত তাই
জীৱন সানিছিল ..

তাই হাঁহিছিল..
তাৰ হৈ
সদাই যে
তায়েই হাঁহিছিল ..

তাই নোহোৱাৰ পৰা
দেখোন সিওঁ হাঁহে
মাথোন হাঁহে ..

তাৰ হাঁহিবোৰত
জীৱন নাই
নাই সি
আৰু নাই তাই ..

মানুহে তাক
পাগল বুলি মাতে
সি হ'লে
আজিও হাঁহে ..

মোৰ ঠিকনা ..

সেমেকা বসন্তৰ
সেউজী পাতত
কোনেও লিখা নাছিল
মোৰ ঠিকনা ..

কোনেও কোৱা নাছিল
বৰষুণত তিতা মানুহবোৰেহে
পিন্ধিব পাৰে
আবেগৰ উমাল চোলা ..

কোনেও কোৱা নাছিল
শুকান পাততো
বাহ পাতে
জীৱন আৰু
এমুঠি আশাই ..

জীৱনৰ মিছিকি হাঁহিত
ভোল গৈ
ঘূৰি চাওঁ
বাৰে বাৰে..
অঘৰী অতীতক
জগাই দিও
দুপৰ নিশা ..
সোধো তাক ..
সঁচা জানো !

তাৰ উদং হাত
উদং চকু
আৰু উদং ওঠত
এটাই কথা ..

সেমেকা বসন্তৰ
সেউজী পাতত
কোনেও লিখা নাছিল
মোৰ ঠিকনা ..

সঁচা জানো !

---নিয়ৰসনা দুৱৰিৰ মাজত মোক নিবিচাৰিবা--

নিয়ৰসনা দুৱৰিৰ মাজত
মোক নিবিচাৰিবা
নিবিচাৰিবা মোক
তৰাৰ আঁৰত ..

মই আজিকালি
ঠিকনাবিহীন,
স্বাধীন মানুহ ..
বেলিতো যেতিয়া
ম্লান হৈ পৰে,
ধূলিত যেতিয়া
ঠিকনা বিচাৰে
ঘৰমুৱা মানুহবোৰে,
কুৱলিৰ মাজত
নিজক লুকুৱাই
বহি থাকো
কুছি মুছি
আন্ধাৰৰ আৰত..

আন্ধাৰ মোৰ
নতুন ঠিকনা!
আন্ধাৰত সকলো সমান
হাঁহিও আৰু
হইতো বিষাদো
মই আৰু
হইতো তুমিওঁ..

এটা কথা হলে
এতিয়াই কৈ থওঁ
মই নাথাকো আজিকালি
তোমাৰ হৃদয়ত ..
এতিয়া মুকলি মই
এজাক বতাহৰ দৰে,
এজাক তৰাৰ দৰে..
এখন আকুল
আকাশৰ দৰে ..

নিয়ৰসনা দুৱৰিৰ মাজত
মোক নিবিচাৰিবা
মোক নিবিচাৰিবা
তৰাৰ আঁৰত...

---নিসঙ্গতা---

উৰুঙা বাটতোত
তেতিয়া কোনো নাছিল
জ্বলি আছিল
ধিমিক ধামাক
এটা অস্পষ্ট জোন ...

নিৰৱতাৰ কোলাত
ঢলি পৰাৰ আগতে
তাত মৰমে নাচিছিল,
বেদনাই কান্দিছিল,
ভোকত শুই পৰিছিল
এটা পাগল সপোন...

এতিয়া সকলো নিমাত
ক'লা ক'লা ছা'বোৰে
পোহৰৰ সতে
লুকা ভাকু
খেলিছে তাত..
মানুহৰ ৰিক্ত হৃদয়বোৰেও
উশাহ বিচাৰি
হাহাকাৰ কৰিছে...
বাট হেৰুৱাই
উচুপি আছে
অবুজ আবেগে ..

কিমান যে
অঁকৰা সিহঁত!
সিহঁতে কিয়
বুজি নাপায়
এই আলিবাটতোৰ দৰেই
বহি ৰয় সকলো
এদিন নিৰৱে
মৃত্যুৰ দৰেই
নিসঙ্গতাৰ সতে
সহবাস কৰো আমি
প্রতিপল ,অজানিতে ...

উৰুঙা বাটতোত
তেতিয়া কোনো নাছিল ..

জীৱন ... মোৰ হেৰোৱা বাটৰ শেষ ঠিকনা...

জীৱন ...
মোৰ হেৰোৱা বাটৰ
শেষ ঠিকনা...

উশাহৰ নদীখনলৈ যেতিয়া
বাৰিষা নামে
যেতিয়া হেপাহৰ
ভাগৰ লাগে
যেতিয়া ক'লা হয়
হেঙুল আকাশ ..
তেতিয়াই সি
পোহৰ আনে..
আন্ধাৰ আকাশত
তৰা ঢালে
এমুঠি জোনাক আনি
বুকুত জ্বলায় ..

তাৰ তাড়নাত
বগুৱা বাও
তাৰ কথামতে
উশাহ সলাও
মৃত্যুক ভুল বাটৰ
ঠিকনা শুনাও ..
তাৰ কথামতেই
আন্ধাৰৰ বুকু ভেদি
আধৰুৱা সপোনবোৰত
ৰং বিয়পাও ..

জীৱন ...
মোৰ হেৰোৱা বাটৰ
শেষ ঠিকনা...

জীৱন ...
মোৰ হেৰোৱা বাটৰ
শেষ কবিতা .

---আজি জোনাকক জোকাম ৰাতি..


আজি জোনাকক
জোকাম ৰাতি..
থাকিবিনে তই ?
থাকিবিনে সাৰে
দোভাগ ৰাতি ..

জিলমিল তৰাৰ
মিছিকি হাঁহিত
পাগল হওঁ জান'
মায়াবী ৰাতিৰ নিৰৱতাত
খেপিয়াই ফুৰো
এবুকু সপোন ..

শুন না
নুশুবি এতিয়াই
এতিয়াও উদং মোৰ
উদাস বুকু ...
দিনৰ পোহৰত
কি থাকেনো ক'?
এখন নীলা আকাশ
আৰু ধূলিৰ বতাহ !
উশাহতো নাথাকে দিনত..

বহি থাক এনেকৈয়ে
মোৰ কাষতে ..
ক'ম মই
যেতিয়া তৰাবোৰৰ
লাজ ভাগিব
যেতিয়া তৰাবোৰে
জোনক জগাব ..

সাৰে থাকিবি
নাযাবি টোপনি
আজি জোনাকক
জোকাম ৰাতি..