Friday 31 January 2014

এখন আকাশ আঁকিম

এখন আকাশ আঁকিম, 
সজাম তাত এটা
মৰমৰ জোন .. 
অলপ তৰাও গোটাম 
এটা দুটাকে ..
সময় পালে 
হাতিপটিত লিখি ল'ম 
আপোনাৰ নাম ... 
মই জানো ,
আপোনাৰ আকাশৰ 
মই অজান তৰা ..
আপুনিটো ভাল নাপায়
জোনাকে ঢুকি নোপোৱা,
আন্ধাৰে পহৰা দিয়া,
শীতৰ নিশাহে ফুলা,
নিয়ৰৰ ফুল!!

মোৰ আকাশত
স্মৃতি হৈ
উজলিব আপুনি,
জ্বলাব আকৌ এবাৰ
হেপাহৰ জুই ..
মাথো অলপ সময়,
অলপ জোনাকৰ জিলমিল
আৰু অলপ বেদনা ..
এখন আকাশ আঁকিম!
সজাম তাত এটা
মৰমৰ জোন ...

হোজা মানুহবোৰ চহৰত নাথাকে

হোজা মানুহবোৰ 
চহৰত নাথাকে, 
চহৰত নাথাকে 
হেনো বিষাদৰ গান .. 

চহৰৰ মানুহবোৰ
ৰঙীণ পোহৰত
জিলিকি থাকে ,
মাতাল ৰাতিহে হেনো
সিহঁত সুখী হয় ,
দুঃখবোৰক নৰ্দমালৈ দলিয়াই
ধনেৰে আজুৰি আনে
মুঠিয়ে মুঠিয়ে সুখ ..
সিহঁতৰ হাঁহিত
ফেঁচাবোৰে সাৰ পাই,
গাড়ীৰ পোহৰত
হেৰাই কোমল জোনাক ..
সিহঁতে অবুজ ভাষাৰে
কথা পাতে,
চাৱনিত নাথাকে
বুকুৰ আবেগ..
সিহঁত কাৰো
প্রেমত নপৰে,
মৰমৰ নদীবোৰ ভেটি
সিহঁতে দোকান উজলাই
বেদনাবোৰৰ দালান সাজি
সিহঁত চহকী হয়,
পাথৰবোৰ হেনো
সিহঁতৰেই সন্তান ..

হোজা মানুহবোৰ
চহৰত নাথাকে,
চহৰত নাথাকে
হেনো বিষাদৰ গান ..

ফাগুণ

ফাগুণে কেলেই জানো 
কান্দিব নাজানে !! 
বিষাদৰ অৰণ্য ভাঙি 
সি আগুৱাই ,
মাথো আগুৱাই.. 
বলীয়া ফাগুণ, 
উদাস ফাগুণ,
চকুত ফাগুণ,
আজি বুকুত ফাগুণ..

ফাগুণৰ বিসন্নতাত
অস্থিৰ আজি
ক্লান্ত আকাশ
আৰু ক্লান্ত এটা
ধূলিয়ৰী সূৰুজ...
স্তব্ধতাতে গতিশীলতাই
পোখা মেলে ,
উদাসীনতাই বিশৃংখল কৰে
মসৃণ জীৱন ..
নিৰৱতাৰ অৰণ্য সাৱতি
বহি থকা
মানুহবোৰক সোধা ,
স্মৃতিৰ সৰাপাত বুটলিবলৈ
ৰৈ থাকে কিয়
ফাগুণলৈ বাট চাই ...
ফাগুণ হেনো
মিতিৰ সিহঁতৰ!

শুকান মাটিৰ লগত
ফাগুণে উৰুৱাই নিয়ে
শুকান বেদনা,
উৰুঙা বেজাৰ ,
সোৱৰণীৰ অলপ
ৰঙীণ বিষাদ ...
মই নাজানো,
ফাগুণ কিয় বলীয়া?

ফাগুণে কেলেই জানো
কান্দিব নাজানে !!

মাটি

মাটি,মাটি,মাটি 
মাথোন মাটি ... 
এই দেশৰ মাটি ,
বুকুৰ আপোন মাটি ..
এই মাটিত 
শুই আছে 
কিছুমান সপোন,
চেকুঁৰা বান্ধি ..

নিস্বাৰ্থ হৃদয়ে
টুকুৰা টুকুৰকৈ
জমা কৰা
কেঁচা ঘামৰ ,
স্বাধীন পৃথিবীৰ ,
কিছুমান সেউজী সপোন ..
এটা স্বাধীন
পূৱাৰ অপেক্ষাত,
নিশাৰ নিচুকণিত
শুই আছে
ইমানবোৰ সপোন
এই মাটিক আকোৱালী ..

স্বাধীনতা সাঁধুকথা নহয়,
ত্যাগ নহয় কল্পনা...
যৌৱন তেতিয়াও আছিল
স্বাধীনতাৰে ৰঙীন হৈ ...
চাবুকৰ কোবৰ ধেমালীত
ফাগুন আহিছিল,
আইৰ কৰুণ বিননিত
শাওণ নামিছিল ..
তেনেকৈয়ে হাঁহিছিল
শৰৎ অহালৈ
স্বাধীনতাই ..

সহজ আজিও নহয়
মানুহ প্রায়েই
অমানুহ হয় ..
মাটিত আজিও
লুকাই থাকে
জীয়া সপোনৰ ভবিষ্যত ..
এদিনটো সাৰ
পাই উঠিব সিহঁত
এদিনটো বিচাৰিব
সেই দিনবোৰৰ
সঠিক হিচাপ ..

অপেক্ষা,মাথো অপেক্ষা..
সাৰ পাব মানুহবোৰ
সাদৰি সুৰুজে ভাঙিব
এদিন মৰ ঘূমটি..
কপালৰ ঘামেৰে
সজীব কৰিব
পৰি ৰোৱা
সেই জাক জাক
তেজাল সপোন ..

মাটি,মাটি,মাটি
মাথোন মাটি ...
এই মাটিত
এতিয়াও মানুহ ওপজে
সময়ে এদিন
তাকেই ক'ব ...

জীৱন

জীৱনটো মোৰ 
বাবে এটা
জীয়া কবিতা ! 
ধূলিৰ ধুমুহা ফালি 
সপোনৰ এটা
জীয়া সুৰুজ
কঢ়িয়াই সি ,
মোৰ বাবেই ..

যেতিয়া ভাগৰে দুভৰি,
যেতিয়া হেৰাই ঘূমটি ,
যেতিয়া নেদেখা হওঁ
আকাশত তৰা ..
নিচিন্ত হৈ
শুই পৰো
তাৰ কোলাতে ..
জানো ,জগাব সি!
পুৱাৰ কোমল ৰ'দত
দেখুৱাব সি
নিৰাশাৰ সীমনা ভেদি
আশাৰ এমুঠি হেঙুল ..

তাৰ হাতত
মোৰ হাতৰ ৰেখাবোৰ
আঁকিলোচোন কেতিয়াবাই ..
এতিয়া কি দুঃখ ,
কি সুখ,
কি সপোন আৰু
কি দিঠক..
আমি আজোৰো একেলগে,
আমি যুঁজি যাওঁ
লক্ষ্য বিচাৰি
ইন্সি ইন্সিকৈ ..
মই কঢ়িওৱা সপোনবোৰত
ৰঙ সানে সি
মনে অঁতাকৈ ..
মই আগুওৱা বাটবোৰত
জোনাক সিঁচে সি
পোহৰ হোৱাকৈ ..

আমাৰ পৃথিবীত
নাই দুঃখ ,
নাই সুখ ,
নাই পোৱা নোপোৱাৰ
বেপেৰোৱা অঙ্ক ..
সুখৰ নাৱত উঠি
পাৰ কৰো
দুঃখৰ অশান্ত সাগৰ ..
আন্ধাৰৰ কোলাত সজাও
পোহৰৰ জীপাল শলিতা ..

জীৱনটো মোৰ
বাবে এটা
জীয়া কবিতা !
ধূলিৰ ধুমুহা ফালি
সপোনৰ এটা
জীয়া সুৰুজ
কঢ়িয়াই সি ,
মোৰ বাবেই ..

চোৰ

মই চোৰ.. 
মুঠিয়ে মুঠিয়ে 
চুৰ কৰো 
মৰম ,চেনেহ 
আৰু আপোনাক, 
আপোনাৰ পৰাই... 

আপোনাৰ আকাশত
বিনাবাধাই প্রবেশ কৰো,
চুচুক চামাককৈ
বিচাৰি ফুৰো
মনৰ নক্সা ..
আপুনি সাৱধান
হোৱাৰ আগতেই
মই আপোন
হৈ পৰো আপোনাৰ..
হৈ পৰো
দুঃখৰ সাৰথি
আৰু সুখৰ সমনীয়া ..

আপোনাৰ হাঁহিবোৰ
লাহে লাহে
মোৰ হৈ পৰে,
লগতে বেদনাবোৰো ..
পানীৰ দৰেই
মই ঠিকনাবিহীন ,যাযাবৰ ..
চকুপানীৰ দৰে
কেতিয়াবা প্রয়োজনীয়ও
কেতিয়াবা অপ্রয়োজনীয়..
আপোনাৰ বুকুৰ
দ গাতবোৰ
মৰমেৰে ওপচাই
এদিন মনে মনে
পলাও মই ..
মই চোৰ!

মই জানো,
বান্ধোনবোৰ বৰ জট লগা
আপোনাৰ বুকুতে
হেৰাই গ'লেতো
আৰু ন'হব !
মোৰ দুহাত উকা ,
দিব নোৱাৰিম আপোনাক
ইপ্সিত এমুঠি জোনাক !
উকা ..আকাশখন আজি
তেনেই উকা ..

বেয়া নাপাব ,
মোৰ বুকুত
নগজাও সেই
সেউজীয়া মৰমবোৰ..
সংজ্ঞাহীন গধূলিৰ কবিতাবোৰ
কাহানিবাই পাহৰিলো,
উজাগৰী নিশা আজিকালি
নুশুনো প্রেমৰ পদ্য ..
মই ঠিকনাবিহীন ,যাযাবৰ ..

নগজাও সেই
সেউজীয়া মৰমবোৰ..
মই যে চোৰ!!
মুঠিয়ে মুঠিয়ে
চুৰ কৰো
মৰম ,চেনেহ
আৰু আপোনাক,
আপোনাৰ পৰাই...

আচৰিত আপুনি !

আচৰিত আপুনি ! 
অৰ্থহীন হাঁহি কিছুমানত 
লুকুৱাই থয় নিজক, 
ধৰা নপৰাকৈ ... 
আচৰিত আপুনি !

আপোনাৰ সঁচাবোৰ
অকলে থাকে,
নিৰৱতাৰ আশ্রয়ত,
কোনেও নেদেখা দূৰত্বত ..
আপুনি হ'লে
বৰ সুলভ ,
আপোনাৰ হাঁহিবোৰও..
চহৰৰ ব্যস্ত
আলিবোৰৰ দৰেই
আপুনি চঞ্ছল আৰু য'তিহীন
আচৰিত আপুনি !

ঘন আন্ধাৰত
আপোনাৰ উচুপনিত
যেতিয়া তৰাবোৰে
সাৰ পাই
তেতিয়া কিন্তু
চহৰখনো শুই পৰে
আৰু মানুহবোৰো ..
আপুনি নিজক বিচাৰি
হাহাকাৰ কৰে,
খহি পৰে
নিজৰ বুকুতে..
তেতিয়াতো হাঁহিবোৰো নাথাকে
আৰু পোহৰবোৰো ..
আচৰিত আপুনি !

হাঁহিবোৰ সোলোকাই
স্বাধীন হয় আপুনি
পিন্ধি লয়
দুঃখৰ মৰহা
লেতেৰা পোছাকযোৰ ..
নিজৰ বাবেই আপুনি
আন্ধাৰ ভাল পাই ,
আপোনাৰ প্রিয়
ৰঙ হৈ
পৰে ক'লা ?
আচৰিত আপুনি !

প্রতি দিনেই
কৰি যায়
নিখুত অভিনয়
সুখী হোৱাৰ ,
জীয়াই থকাৰ ..
আপুনি আজিৰ মানুহ ,
আচৰিত আপুনি !
বৰ আচৰিত আপুনি !

Thursday 16 January 2014

টোপনি যাব সি ...

নিৰৱতাৰ চোলাটো পিন্ধি 
নিশাটো বহি পৰে 
পুখুৰীটোৰ পাৰতে , 
সন্মুখৰ পথাৰখনত 
পিয়াপি দি ফুৰিছে 
এজাক জোনাকীয়ে ...
পথাৰখন এতিয়া মুকলি,
ডাঙৰিবোৰ কঢ়িয়াই
মানুহবোৰ উদং কৰিলে
তাৰ বুকু ..
নিজক বিলাই দি
সি এতিয়া
সুখী,শান্ত ..
নিৰৱতাৰো নিজস্ব
ভাষা থাকে ,
সেই ভাষা
সি ঠিকেই বুজে
বুজি পায়
নিশাটোৱেও ...
নিশাটোৱে প্রায়েই সোধে
"গধুৰ নে সপোনবোৰ ?"
পথাৰখনে মিচিকিয়াই..

সপোনৰ বোজাবোৰ
বৰ গধুৰ,
সপোনবোৰ ভাগিলে
তাৰ ওজন
আৰু বাঢ়ে ..
তাৰ বুকুতে
অজস্র সপোন
উমনি দিয়ে মানুহবোৰে ..
সেই সপোনবোৰ
তাৰো এদিন
আপোন হয় ..
সোনালী সপোন বিলাই
সি হয় আত্মহাৰা
আজিৰ দৰেই ..
কেতিয়াবা উটি
যায় সপোনবোৰ
বাঢ়নি পানীত ,
মানুহবোৰৰ সতে
সিওঁ কান্দে তেতিয়া
হিয়া ঢাকুৰি..

এতিয়া সি
টোপনি যাব
শান্তিৰে নিশাটোক সাৱতি ..
যেতিয়ালৈকে মানুহবোৰ নাহে ,
যেতিয়ালৈকে সপোনবোৰে
গজালি নেমেলে,
যেতিয়ালৈকে বৰষুণৰ আমনিত
টোপনি নাভাগে ..
তেতিয়ালৈকে সি
টোপনি যাব
উদং বুকুত আজি
ইমানবোৰ ভাগৰে
মেলা পাতিছে,
নিশাটোৱে বুজিব চাগে!

টোপনি যাব সি ...

ঠিকনা ..

উকা কাগজত
লিখিছিলো এদিন 
নিজৰ ঠিকনা ..
বৰষুণ আহিছিল ! 
কাগজখনেৰে নাওঁ সাজি 
উতুৱাই দিলো ,
সাগৰ এখন বিচাৰি..

এতিয়াও নিৰুদ্দিষ্ট...
নাওঁখন ,ঠিকনাটো
আৰু সেই সাগৰখন ..

তাৰ বাবে

তাৰ বাবে মৰমবোৰ
সুলভ আছিল ,
বেদনাবোৰ সাধুকথা.. 
তাৰ বাবে
জোনটো আকাশখনকৈ 
ডাঙৰ আছিল আৰু 
পুৱাবোৰ মাতি আনিছিল
এজাক সপোনে..
তাৰ বাবে
দিনবোৰে জখলাৰে
পোহৰ কঢ়িয়াইছিল,
নিশাবোৰে লুকুৱাইছিল
সেমেকা চকুলো ...
তাৰ বাবেই
ৰৈছিলো এদিন
দুহাত মেলি ...
ধুনীয়া পোচাকত
লুকুৱাইছিলো নিজক ..

আজি আৰু
তাক নেদেখো,
সি সোঁৱৰণীৰ
শুকান পাতত
মোৰেই সপোন চোঁচোৰাই
মনে মনে,
ওৰেটো নিশা ...

Monday 6 January 2014

পোন বাটবোৰ

বাট হেৰুৱাও ..
পোন বাটবোৰ 
মোৰ বাবেতো নহয় , 
সহজ বাটবোৰো.. 
সহজ বাটবোৰত
জীৱন নাথাকে ! 
মই জীৱনক বিচাৰো.. 
মোৰ জোলোঙাটোত
জাপ ভগা 
সপোনবোৰৰ বাহিৰে
আৰু একো নাই ...
যিবোৰ সন্ধ্যাই
বিষাদবোৰ ধাৰলৈ দিয়ে
সিহঁতক সুধি চাব,
সিহঁতে মোক
চিনি পায় ..
সিহঁতেই মোক কৈছিল,
সহজ বাটবোৰ
মোৰ বাবে নহয় ...

মোৰ বাবে
ৰৈ থাকে শীত,
নিয়ৰৰ চকুলো বোৱাই..
মোৰ বাবে
ৰৈ থাকে আলিবাটবোৰ
কুঁৱলীৰে সন্ধ্যাটো সজায়
মোৰ বাবে
এদিন ৰৈ থাকিব
আপুনিও..
জীৱনৰ কবিতা আওঁৰাই ..

মই জানো ,
সহজ বাটবোৰ
মোৰ বাবে নহয়..
সহজ বাটবোৰত
জীৱন নাথাকে !

Thursday 2 January 2014

আগুৱাম মই!

পুনৰ ঘূৰি 
চালো এবাৰ, 
সময় আজি 
সপোনৰ সৰাপাতবোৰ
বোটলাত ব্যস্ত .. 
পথটো এতিয়াও
দুঃখৰ ছাঁবোৰে 
ঢাকি আছে, 
জিলিকি আছে
ধূলিঅৰি মৰমবোৰ, 
ওখ গছবোৰত
ওলমি আছে আশাবোৰ
উমি উমি
জ্বলি আছে
এখন শুকান হৃদয় ...

বাকী আছে
আৰু বহুদূৰ
বাকী আছে..
এমুঠি উশাহ
বাকী আছে
পোৱা নোপোৱাৰ
অঙ্কবোৰ বাকী আছে
বাকী আছে
এখন আকাশ ...

আগুৱাম মই,
যেতিয়ালৈ জ্বলি
থাকিব সুৰুজ
দুচকুত অঙঠা হৈ!
যেতিয়ালৈ জ্বলি
থাকিব সপোন
আশাৰ শলিতা লৈ
আগুৱাম মই,
প্রতিশ্রুতিবোৰ সাৱতি
আগুৱাম মই,
আন্ধাৰ ঠেলি
আগুৱাম মই...

আগুৱাম মই!

নাহিবি আকৌ

নাহিবি আকৌ, 
নাহিবি মোক 
উজাগৰী নিশাৰ 
সাধু শুনাবলৈ... 
মোৰ হাতত আজি 
একো নাই 
সপোনবোৰ বন্ধকত দি 
গোটাই ফুৰো 
দুবেলাৰ আহাৰ..
হাঁহিবোৰ জিলিকি থাকে 
শুকান পাতত,
ধূলিৰ চামনি হৈ..
ভুল নকৰিবি,
দুখীয়া নহয় মই!
এদিন কপিছিল দুহাত
এদিন নাচিছিল তমসা
এদিন বিচাৰিছিলো
সজাম জীৱন
মনে বিচৰাকৈ...
আজি আৰু নহয়...
কেতিয়াবাই হেৰুওৱাৰ
সমীকৰণবোৰ পেলাই দিলো
স্মৃতিৰ গহবৰত ...

ভয় নাই
উকা কাগজত
থাকি যাব জীৱন,
ভয় নাই
আন্ধাৰত হেৰাব সপোন
ভয় নাই..
আজি মই মুক্ত
আজি মই
এমুঠি তৰাৰে
সাজিচো এখন
নতুন আকাশ
সজাইছো অভিমানী
আলসুৱা ডাৱৰ ..
সিঁচি দিছো
এজাক জীৱন
যেন জোনাকী ...
আৰু নেলাগে ,
নাহিবি আকৌ..
নাহিবি মোক
উজাগৰী নিশাৰ
সাধু শুনাবলৈ...
ন'কবি মোক
সপোনৰ কাৰেঙৰ
দুৱাৰ সাজিবলৈ...
আজি মই
নিজকে সাৱতি
বহি থাকিম
আনে নেদেখাকৈ ......