Tuesday 24 September 2013

সেই জুপুৰীটো

সেই জুপুৰীটোত
এতিয়াও জোনাক গলে.. 
যত তেতিয়া জ্বলিছিল 
এখন হৃদয় ...

ঠিকনা বিচাৰি 
নিৰাশ হোৱা মানুহবোৰে 
যত খন্তেক জিৰণী লয় ..
যত জিৰণী লয়
অব্যক্ত সপোনে ..
সেই জুপুৰীটো..

যাৰ বেৰবোৰ
বন্ধোৱা হৈছিল
অটল বিশ্বাসেৰে..
যাৰ প্রতিটো কোঠাত
সজাই থোৱা হৈছিল
এবুকু মৰম ..
সেই জুপুৰীটো...

যাৰ বেৰবোৰ কিন্তু
এতিয়াও উৱলি যোৱা নাই...
যেনেকৈ উৱলি নাযায়
মানুহৰ আশা ..
কিমান শান্তি
আছে তাত
কিমান সকাহ ...
নিজক হেৰুৱাই
সুখী হয় যত
অজস্র হৃদয় ...
সেই জুপুৰীটো..

সেই জুপুৰীটোত
এতিয়াও জোনাক গলে
যত তেতিয়া জ্বলিছিল
এখন হৃদয় ...

প্ৰত্যাশা

ইমান প্ৰত্যাশা 
ইমান পোহৰ 
সহ্য নহয় ...
ঘিটমিট আন্ধাৰৰ 
সতে মিতিৰালি 
কৰাৰ যে
বহুদিন হল ..

একেলগে থাকি 
আমনি লাগে কেতিয়াবা
তথাপি ...
মোৰ যে
উপাই নাই
তাক মই
ভাল নাপাও
মই তাৰ
দৰে নহও ..
সুন্দৰ সপোন এটা
আওৰাওঁ যেতিয়াই
সি আপদিয়া প্রেমৰ
কবিতা শুনাই ...
ঠাট্টা কৰে মোক
জোনাকৰ মেলা পাতি ...
নাইবা কৈ থাকে
মোৰেই ইতিহাস
কেনেকৈ সুখবোৰ বেচি
কঙ্গাল হৈছিলো এদিন ..

কেতিয়াবা ভাবো
এৰি দিম তাক
নোৱাৰি এনেকৈ..
কেনেকৈ যে জোনবায়ে
তাৰ কথাকে শুনে
ওৰেটো ৰাতি ..

নোৱাৰো দেখোন ..
কেনেকৈ পাহৰো
সি যে
আৱৰি থাকে মোক
যেতিয়া আকাশে কান্দে ..
যেতিয়া ৰঙবোৰে
বাট হেৰুৱাই
মোৰ নিচিনাকৈ

মই পোহৰৰ
দৰেও নহও
অকৃতজ্ঞ আৰু অভিমানী ..
মোৰ চকুপানী দেখি
যি এৰিছিল মোক
আন্ধাৰৰ হাতত ..
নিজ্জন আবেলি এটা
হাতত গুজি দি ..

ইমান প্ৰত্যাশা
ইমান পোহৰ
আজিও সহ্য নহয় ...
ঘিটমিট আন্ধাৰৰ
সতে মিতিৰালি কৰাৰ
আজি যে
বহুদিন হল...

আচলতে মিছা কয় আপুনি

আচলতে মিছা 
কয় আপুনি 
ভয় কৰে 
কিজানি ধৰা 
পেলাও মই ...
কৈ দিও আপোনাক 
আপুনিও অকলশৰীয়া বুলি ..

নাচায় মোৰ ফালে ..
নালাগে চাব 
কত পলাব
যিটো আন্ধাৰ পথত
আপুনি খুলি থৈ আহে
আপোনাৰ দুঃখবোৰ
তাৰ ওচৰৰ কেকুৰীটোতে
বহি থাকো মই
দুঃখৰ চিগাৰেট এটা
জ্বলাই জ্বলাই..

বেয়া পালে ...
বেয়া নাপাব
মাতাল নহয় মই
মই মদ নাখাও
তথাপি জীৱনৰ নিচাত
মই সম্বিত হেৰুৱাও
বাৰে বাৰে ...

বেয়া নাপাব
মইও আপোনাৰ নিচিনাকৈ
পলাই ফুৰো
দুঃখৰ পৰা ..
হাঁহি মাতি ঘূৰি ফুৰো
ভাৰা কৰা
হাঁহি এটা পিন্ধি ...

আচলতে আমাৰ
পৰিচয় একেই
একেই আমাৰ ঠিকনা
আমি পলাতক ...

আকাশ

জোনাকে আৱৰি 
আছিল তেতিয়া.. 
জ্বলিছিল অযুত তৰাৰ
জিলমিল চাকি 
বহল আকাশখনে 
দুহাত মেলি 
মাতিছিল কাষলৈ 
বননিডৰাই টোপনিয়াইছিল..
মোৰ কাষতে বহি 
চহৰখন তেতিয়া শান্ত 
বহুদিন হল
আকাশখনো বহুত
বহল হল
আগতকৈ ...

সচাকৈ বহুদিন হল
কথা পতাৰ ..
নিস্তব্ধতাইতো নাজানে
প্রত্যেক প্রহৰ
সি হেৰুৱাই
অলেখ আপোন ক্ষণ..
আচলতে তাৰ
দোষ নাই
শান্তি বিচাৰি
সি নিজকে
বিক্রী কৰে
ক্রীতদাসৰ দৰে
সময়ৰ হাতত ...

বাদ দিয়ক তাৰ কথা
মইও বাদ দিছো ..
পুৰণি ডায়েৰীৰ
হালধীয়া পাত হল
এতিয়া সেইবোৰ কথা ..
কথা আছিল
জোনাকী পৰুৱা ধৰাৰ
কথা আছিল
নতুন সপোন দেখাৰ
বহুত কথা আছিল
বহুত কথা..

ভাবিছো বননিডৰাৰ কাষতে
শুই পৰিম আজি
সপোন দেখিম
অযুত তৰাৰ ...
গোটেই নিশা
কথা পাতিম
আকাশখনৰ সতে
বহুত কথা...
মনৰ কথা...
বহু যুগৰ পাছত
শান্তিৰে টোপনি যাম
মোহাৰি পেলাম
নিৰাশাই আৱৰা
স্মৃতিৰ প্রতিডাল ৰেখা ...

শুনিছো ...
আকাশখনো হেনো বহুত
বহল হল
আগতকৈ ...
সঁচা জানো?
আজি জুখি চাম
মনে মনে ...

বলা.. জোনাক বোটলো

বলা..
জোনাক বোটলো 
বলা আকৌ..
কি ভাবি থাকা 
কিয় বহি থাকা ?
বাহিৰত এতিয়া 
ইমান পোহৰ ..
ইমানবোৰ শুকুলা সপোনে 
মেলা পাতিছে 
মনে মনে..

দুহাত মেলি
চোৱাচোন ...
ভিৰ কৰিছেনে
মৰম পখিলাই..
উলাহত উৰিছেনে
মন জোনাকী...

কি?
ভয় লাগে,
কিয় লাগে ?
মইতো কোৱা নাই
সপোন ভগাৰ কথা
শুনোৱা নাই
নিৰুপাই হৃদয়ত
কিয় লাহে লাহে
মেটেকা গজে,
তাৰ ইতিহাস..

মই নুবুজো
অবুজ মই ..
তোমাৰ দৰে
মই আজি
নাথাকো বহি
দুখৰ ইতিহাস সাৱতি
অন্ধকাৰ গলি এটাত
গালিবৰ শ্যায়েৰী
আওঁৰাই আওঁৰাই...

ইমান জোনাক ..
চোৱা বাহিৰলৈ
ইমান জোনাক
বলা আজি
তিতি চাম এবাৰ
পোহৰৰ বৰষুণত ..
বলা জোনাক বোটলো
দুহাত ভৰাই ..
বলা আকৌ..
কিয় বহি থাকা ?
বাহিৰত এতিয়া
ইমানবোৰ পোহৰ
ইমানবোৰ মৰম...

স্মৃতি ..

ধুনীয়া পোছাক পিন্ধি
ৰৈ থাকে স্মৃতি ..
মোৰ পদুলিত
মোলৈ চাই চাই
তাইৰ মুখত 
আজিও উজলি থাকে 
সেই চিনাকী হাঁহিতো ..

সলনি নহল 
আৰু তাই... 
আগৰ দৰেই
বুটলি ফুৰে
দলিয়াই দিয়া
আবেগৰ টুকুৰাবোৰ ..
আগৰ দৰেই লুকাই
মোক দেখিলেই
দুৱাৰৰ আৰত ...

অসাৱধান ,অস্থিৰ মই
জানে তাই ..
আমনি নেলাগে তাইৰ
মোৰ সতে কথাপাতি ..
প্রায়েই বহি থাকে
অতীত খুচৰি খুচৰি
মোৰ কাষতে ..

কথাবোৰ সলনি
হল আজিকালি
খেদাই নপঠাও তাইক
নেদেখাৰ ভাও জুৰি..
ওহো নোৱাৰি আৰু
নোৱাৰো দেখোন
কিমান সলাম
নিজৰেই ঠিকনা ..

আচলতে ইমান
বেয়াও নহয় কথাবোৰ ..
অকলশৰে নাথাকো আজিকালি
সন্ধ্যা যেতিয়া নামে
অপেক্ষা কৰো
আকুলতাৰে...
যিটো বাটেৰে
জোনাক নামে
ঠিক তাৰ কাষতে
বাট চাওঁ
আহিব তাই ..
আগৰ দৰেই
ধুনীয়া সপোন এটা
আওঁৰাই আওঁৰাই...

মোৰ চহৰত

মোৰ চহৰত 
এতিয়াও জোন জ্বলে.
সোধে মোক 
বাৰে বাৰে 
তোমাৰ ঠিকনা ...
কিমান পলাও 
কিমান লুকাও 
তথাপি ...
মোৰ চহৰত 
এতিয়াও জোন জ্বলে.

পুৰণি বহীৰ মাজত
খুচৰি চাও
আছেনে মৰমবোৰ
জীপাল হৈ ...
নীলা চিয়াহীত
অঁকা আছেনে
ভগা সপোনৰ ঠিকনা?
তথাপি ...
মোৰ চহৰত
এতিয়াও জোন জ্বলে.

ধুনীয়া গধূলি এটাক
তোমাৰ নামেৰে
জোকাই চালো
ওফোণ্ড পাতি
বহি আছে
দূৰ সীমনাত ..
নামাতে হেনো আৰু
কি আপদে পালে
সোধো কিয় তাক
আজি আকৌ
বাৰে বাৰে
তোমাৰেই ঠিকনা ?
মোৰ চহৰত
এতিয়াও জোন জ্বলে..

মোৰ চহৰত
এতিয়াও জোন জ্বলে..
মোৰ বুকুত
যেনেকৈ জ্বলিছিল
এদিন বেদনা ..
যেনেকৈ ভাগিছিল
মৰমৰ বান্ধ তেনেকৈ ..
মোৰ চহৰত
এতিয়াও জোন জ্বলে..
সোধে মোক আকৌ
তোমাৰ ঠিকনা ...

কিমান পলাও
কিমান লুকাও
তথাপি ...

Monday 2 September 2013

এখন হৃদয় ...

সেই জুপুৰীটোত
এতিয়াও জোনাক গলে.. 
যত তেতিয়া জ্বলিছিল 
এখন হৃদয় ...

ঠিকনা বিচাৰি 
নিৰাশ হোৱা মানুহবোৰে 
যত খন্তেক জিৰণী লয় ..
যত জিৰণী লয়
অব্যক্ত সপোনে ..
সেই জুপুৰীটো..

যাৰ বেৰবোৰ
বন্ধোৱা হৈছিল
অটল বিশ্বাসেৰে..
যাৰ প্রতিটো কোঠাত
সজাই থোৱা হৈছিল
এবুকু মৰম ..
সেই জুপুৰীটো...

যাৰ বেৰবোৰ কিন্তু
এতিয়াও উৱলি যোৱা নাই...
যেনেকৈ উৱলি নাযায়
মানুহৰ আশা ..
কিমান শান্তি
আছে তাত
কিমান সকাহ ...
নিজক হেৰুৱাই
সুখী হয় যত
অজস্র হৃদয় ...
সেই জুপুৰীটো..

সেই জুপুৰীটোত
এতিয়াও জোনাক গলে
যত তেতিয়া জ্বলিছিল
এখন হৃদয় ...