Tuesday 9 July 2013

এই যে একেলগে থাকো আমি ..

এই যে একেলগে 
থাকো আমি ..
বোকোচাত বান্ধি
হেপাহৰ হাঁহি ..
এই বতাহজাকে যে
চুই যায় আমাক ..
বৰষুণৰ টোপালবোৰে 
ধুই নিয়ে 
ডাৱৰ বিষাদৰ ..
এইয়াই সুখ ,
মায়া জীৱনৰ..

পখীৰ মাতত
সাৰ পাই
সাদৰি পুৱাই..
সপোনবোৰ দৌৰি ফুৰে
নিজৰ কক্ষত..
গতিশীল পৃথিৱীৰ
প্ৰতিটো প্ৰহৰ..
বিৰামহীন,নিদ্ৰাহীন..
এইয়া যে সময়..
জীয়াই থকাৰ হাবিয়াসে
পাখি মেলে যত..

এই যে ৰঙা সূতাবোৰ..
বিচাৰি ফুৰো যত
অদৃশ্য ঈশ্বৰ ..
এই দু:খবোৰ ..
ভালপোৱা-বেয়াপোৱাবোৰ..
ভিৰ কৰা চিন্তাবোৰ..
এইবোৰেই কঢ়িয়াই
ৰং জীৱনৰ..
যাক সানি লওঁ আমি
ক্লান্ত মুখত..
প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰে..

প্ৰতিটো ক্ষণেই
ধেমালী কৰে,
আমাৰ সতে..
জোকাই আমাক
অবুজ ভাষাৰে..

এইযে ক্ষণবোৰ..
জোৰা লগাই,
সুখী হও আমি..
সুখ বিচাৰিব
জানো দেখোন আমি...
জীৱনৰ ব্যাকৰণ আওৰাই,আওৰাই..

এইযে একেলগে
থাকো আমি ..
বোকোচাত বান্ধি
হেপাহৰ হাঁহি ..