Tuesday 26 March 2013

জীৱনে হাঁহিবলৈ শিকাই ...
চকুৰ পানীত
মুকুতা বিচাৰিবলৈ শিকাই ...

ঘৃণাৰ মাজত 
পুৱাৰ বেলিয়ে
নতুন আশাৰ বীজ বিয়পাই...
নহয়,কান্দিবলৈ নহয়
জীৱনে মাথো হাঁহিবলৈ শিকাই ...

নোপোৱাৰ তমসাত
পোৱাৰ আকাংক্ষাবোৰে
যেতিয়া হেৰাই যোৱাৰ
আখৰা চলাই ...
আন্ধাৰৰ ঘিটমিটত
সন্মুখৰ বাটে
যেতিয়া দিশ হেৰুৱাই ..

জীৱনে মাথো
মনে মনে
যুঁজি যোৱাৰ
মন্ত্রকে আওঁৰাই ...

কান্দিবলৈ নহয়
সি মাথো চকুপানীবোৰ
ঢাকিবলৈ শিকাই ...

আজিও জীৱনে
তমসা নেওঁচি
আশাৰেই জোনাক বিলাই ...

নিৰাশা ভেদি
কিয় আকৌ
সি বাৰু হাঁহিবলৈ শিকাই ?
কোলাহলবোৰ আতঁৰাই 
শান্ত হয় পৃথিৱী...
চিন্তাৰ ৰেখাবোৰ পাতলাই
আজৰি হয় জীৱন...

কুৰুকি কুৰুকি 
নোপোৱাৰ হিচাপৰ মাজত 
পোৱাৰ সন্ধান কৰি
উভতি আহে মানুহবোৰ ... 

উদং বুকুৰে ৰাস্তাবোৰে
উপভোগ কৰে ...
নিসংগতা ...

উদাসীন আন্ধাৰবোৰে
তেতিয়া আৰু শুধি নাথাকে
জীৱনৰ সংজ্ঞা ...

চিন্তাবোৰ সোলোকাই
শান্তিৰে শুই পৰে মানুহবোৰ...

জীৱন যুজত ভীতিগ্রস্ত
অবাক,অবোধ অথচ
সুখী মানুহবোৰ ...

আন্ধাৰবোৰো তেতিয়া আৰু
আন্ধাৰ হৈ নাথাকে ...
আন্ধাৰো হৈ পৰে শান্তিৰ আহিলা ...

নিশাটোৱে মোহাৰি যায়
হৃদয়ৰ বেজাৰ ...
কৈ যায় অলেখ বতৰা ...

আন্ধাৰ সদাই আন্ধাৰ নহয়
আন্ধাৰতো হেনো থাকে
পোহৰৰ বতৰা ...
জীৱনটো একো নহয়
যদি হেনো সুখবোৰে 
ভীৰ নকৰে ...

সুখৰ ঠিকনা বিচাৰি 
মোক আমনি নকৰিব ...
সিহঁত ঠিকনা বিচাৰি 
মই কাহানিওঁ 
হাইৰাণ নাই হোৱা ...

হাইৰাণ নাই হোৱা
দুঃখৰ ঠিকনা বিচাৰিওঁ...

দুঃখবোৰ হলে সুলভ
পদপথত প্রায়েই
সিহঁতক লগ পাওঁ ...

সিহঁতে প্রায়েই
মোক দেখি ৰিঙিয়াই
সাৱতি ধৰিব খোজে
আৰু মই ...

মই গুৰুত্ব হলে নিদিওঁ
পৰাপক্ষত মুখখন ঘূৰাই
নেদেখাৰ অভিনয় কৰো ...

আপুনি যদি সুখৰ
ঠিকনা বিচাৰিছে
হেৰুৱাই নেপালাব ধৈৰ্য

সুধি চাব পাৰে
পদপথত পৰি থকা
মলিয়ন দুঃখবোৰক

সিহঁতক সোলোকায়েই
মানুহ হেনো সুখী হয় ...
ফাগুনৰ পছোৱা জাকে 
আঁচুৰি যায় আপোনাক ...

চিন্তাৰ টুকুৰাবোৰ 
কঢ়িয়াই আনে 
বতাহ জাকে ...

কঢ়িয়াই আনে 
আশাৰ বতৰা 
নিৰাশাৰ হুমুনিয়াহ ...

পোৱা বা নোপোৱাৰ
টুকুৰাবোৰৰ মাজত
বিৰাট পাৰ্থক্য নাথাকে ...

সিহঁতে আঁকি যায়
অলেখ ৰেখা ...
দি যায় আকাংক্ষিত
নাইবা অনাকাংক্ষিত
অলেখ -অযুত দাগ...

খৰধৰকৈ আপুনি
দাগবোৰ পৰিস্কাৰ কৰাত
ব্যস্ত হৈ পৰে ...

পানীৰ টোপালবোৰে
নিখুতকৈ ধুই নিয়ে
বাহিৰখন ...

দাগবোৰ কিন্তু
তেতিয়াও থাকি যায় ...

হৃদয়ৰ ভিতৰত
হৃদয়ৰ তাগিদা হৈ ...
এইযে ৰঙবোৰ...
সিহঁতে কঢ়িয়াই ফুৰে 
মনৰ বতৰা ...

নীলা আকাশখনৰো 
ওফোন্দ ভাগে ...
ৰঙীন হয় বলিয়া বতাহ

সুখৰ ৰঙাবোৰে 
ঢাকি ধৰে 
দুঃখৰ কলাক...
এদিনৰ বাবে হলেও ...

মনৰ খিৰিকিবোৰ খুলি
মুকলি হয় সকলো ...
ফৰকাল হৈ পৰে
মলিন হৃদয়...

বান্ধি ৰখা মনবোৰে বিচাৰে
মুকলি অম্লজান ...
আৰু এখন
মুকলি আকাশ ...
বৰষুণৰ পাছৰ
মুকলি আলিবাটতোৰ দৰে ...

এইযে ৰঙবোৰ...
আপুনিও চতিয়াই লওক
পাহৰি যাওঁক সকলো ...
পোৱা নোপোৱাৰ গণিত
নিৰাশাৰ হুমুনিয়াহ
নষ্ট গধূলি আৰু
বন্ধ সময়বোৰ ...

মুঠতে সকলো
এদিনৰ বাবে হলেও ...