Thursday 7 February 2013

তাক জীয়াই থাকিবলৈ দিয়া
তোমাকতো আমনি 
কৰা নাই ...
যন্ত্রৰ দৰে সি 
তোমাৰ কথা নামানে 

নামানে নাই ...
তথাপি তাক 
জীয়াই থাকিবলে দিয়া...

তাক হত্যা কৰি
তুমি একো নোপোৱা
নাবাঢ়ে তোমাৰ একাউণ্টত
শূণ্যবোৰৰ শাৰী ...

তাক উমলিবলৈ
যদি জোনাক ভৰা
আকাশ এখন লাগে
তোমাৰ কি ক্ষতি হয়...

সি যদি বাৰিষাৰ
প্রথমজাক বৰষুণত
তিতি জুলুৰি জুপুৰি হয়
তোমাৰ কি ক্ষতি হয়...

ক্ষতি হলেও হওক
তাক জীয়াই থাকিবলৈ দিয়া
সি দি যাব তোমাক
জীয়াই থকাৰ অযাপিত আমেজ...

আকৌ এবাৰ ভাবি চাবা ...
জীয়াই থাকিবলৈ দিয়া হৃদয়খনক
তোমাৰ ভিতৰত
তোমাৰ দৰেই...
বহু দিন হল
সুহুৰিত দিনবোৰ 
শেষ হোৱাৰ...

বহু দিন হল
ভিৰৰ মাজত 
হেৰাই যোৱাৰ...

বহু দিন হল
অৰ্থহীন যাত্রাৰ 
পথিক হোৱাৰ...

বহু দিনেই হল
এমুঠি চানাকে
ভগাই খোৱাৰ...

সঁচাকৈ ...
বহু দিন হল
মুকলি আকাশৰ
স্বাধীন পখীক
নিজৰ সতে
ৰিজাই চোৱাৰ...

চহৰখনৰো হেনো কেতিয়াবা আমনি লাগে..

ধূলিৰ আলোৱানখন সাৱতি 
যেতিয়া দিনতোৱে মেলানি মাগে ... 
ভাগৰুৱা মানুহবোৰ 
যেতিয়া ঘৰমূৱা হয়... 
ৰঙচুৱা আকাশখনে যেতিয়া
পোহৰৰ শেষ কণিকাতো দলিয়াই 
আন্ধাৰৰ বুকুত সোমাই পৰে 
ঠিকনাবিহীন মানুহবোৰৰ লগত
পথৰ দাতিতে বহি পৰে চহৰখন ...

নোপোৱাবোৰৰ মাজত
পোৱাৰ ঠিকনা বিচাৰি
আমনি লাগে তাৰ ...

আমনি লাগে...
চহৰখনৰো হেনো কেতিয়াবা
আমনি লাগে...